Local, Vocal, Global

শোণিতপুৰৰ শোকাৱহ পথ দুৰ্ঘটনাৰ নিহত লোকৰ পৰিচয় উদ্ধাৰ…

ডিজিটেল ডেস্ক:শোণিতপুৰৰ বালিপৰাৰ মিটচাপ্লাইত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।জানিব পৰা মতে,বৃহস্পতিবাৰে নিশা ১ মান বজাত এই দুৰ্ঘটনা সংঘটিত হয়।শোণিতপুৰত পথৰ দাঁতিত নিয়ন্ত্রণ হেৰুৱাই বাগৰিল পৰে ছুইফ্ট ডিজায়াৰ বাহন।

এই দুৰ্ঘটনাত থিতাতে নিহত হয় ৫ জনকৈ ব্যক্তি।নিহত লোক কেইজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে।দুৰ্ঘটনাত নিহত লোক কেইজন ক্ৰমে গটংগাৰ দ্বীপেন বৰা, বালিপুখুৰীৰ ভাইকন পটংগীয়া,বেচেৰীয়াৰ বিদ্যুৎ নাথ,কাৱৈমাৰীৰ আকাশদ্বীপ বৰা আৰু ৰঙাপুখুৰীপাৰৰ বিশ্বজিৎ শইকীয়া বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাগ্ৰস্ত বাহনখন বালিপৰাৰ পৰা তেজপুৰ অভিমুখী গৈ আছিল।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।