কেঁচু খান্দোতে ওলাল সাপ, ছীল হ’ল চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ

চৰকাৰী নিয়ম উলংঘা কৰা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ হৈছে নলবাৰী জিলা উপায়ুক্তৰ পুৰবী কোঁৱৰ। জিলা উপায়ুক্তৰ নেতৃত্বত প্ৰশাসনে তলা লগালে নলবাৰীৰ এজন চিকিৎসকৰ চেম্বাৰত। চিকিৎসকজনৰ নাম ডাঃ ৰাকেশ জৈন। শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ৰাকেশ জৈন। ডাঃ ৰাকেশ জৈনে চিকিৎসালয়ত চিকিৎসা কৰাৰ সমান্তৰালকৈ নিজা ব্যক্তিগত চেম্বাৰতো ৰোগীক নিয়মীয়াকৈ কৰিছিল চিকিৎসা। উল্লেখ্য যে কিছুদিন পুৰ্বে ডাঃ ৰাকেশ জৈনৰ ভুল চিকিৎসাৰ তথা গাফিলতিৰ বাবেই এগৰাকী শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছিল।
নলবাৰীৰ শংকৰপুৰৰ অনিল চন্দ্ৰ ৰায় নামৰ লোক এজনে ডাঃ ৰাকেশ জৈনৰ বিৰুদ্ধে নলবাৰী থানাত ৰুজু কৰিছিল গোচৰ।গোচৰৰ তদন্ত কেচু খান্দোতে ওলাই সাপ। প্ৰশাসনে অনিল চন্দ্ৰ ৰায় নামৰ লোকজনৰ গোচৰত তদন্তত সময়তে ডাঃ ৰাকেশ জৈনৰ ব্যক্তিগত চেম্বাৰত চিকিৎসা চলাই থকা কথা পোহৰলৈ আহে। অৱশেষত জিলা উপায়ুক্তৰ নিৰ্দেশত নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনশ্ৰী ডেকাই ডাঃ ৰাকেশ জৈনৰ এই চেম্বাৰতো ছীল কৰে।