Local, Vocal, Global

নিশা মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা মহানগৰীৰ জালুকবাৰীত পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত খুন্দা ট্ৰাকৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ট্ৰাকখনৰ চালক-হেণ্ডিমেন।আমিনগাঁৱৰ পৰা জালুকবাৰী অভিমুখী আছিল ট্ৰাকখন। কেইবা ঘণ্টা ধৰি ট্ৰাকৰ ভিতৰতে আবদ্ধ হৈ আছিল চালক-হেণ্ডিমেন। জালুকবাৰী যান-বাহন আৰক্ষী, ৰাইজৰ প্ৰচেষ্টাত উদ্ধাৰ চালক-হেণ্ডিমেনক। সংকটজনক অৱস্থাত নিশাই চিকিৎসালয়ত ভৰ্তি দুয়োকে। দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ AS17C0293।