ভয়ংকৰ পথ দুৰ্ঘটনা!দুটি শিশুসহ ৪ জন লোক থিতাতে নিহত…

ডিজিটেল ডেস্ক:-এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। শনিবাৰে সন্ধিয়াই মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।এখন বাইকত তীব্ৰবেগী মিনি ট্ৰাকৰ খুন্দা।একেখন বাইকেৰে ৬ জনকৈ যাত্ৰী যাত্ৰা কৰাৰ সময়তে এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দা মৰাৰ ফলত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল বাইক আৰোহী ৪ জনে।তথ্য অনুসৰি,দুৰ্ঘটনাটোত দুটি শিশুসহ ৪ জন লোকৰ থিতাতে নিহত হোৱাৰ বিপৰীতে আন দুটি শিশু গুৰুতৰভাৱে আহত হয়।
বাতৰি অনুসৰি, শিশুসহ ৬ জনে একেখন মটৰ বাইকত ভুল দিশেৰে গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী মিনি ট্ৰাক’ই তেওঁলোকক মহটিয়াই নিয়ে।আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ সময়ত লাটুৰৰ পৰা কালাম অভিমুখে গৈ আছিল লোক কেইজনে।ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত শিশু দুটিক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।