Local, Vocal, Global

কলগাছিয়াৰ শওঁপুৰত ভয়ংকৰ নাওঁ দুৰ্ঘটনা

কলগাছিয়াৰ শওঁপুৰত সংঘটিত এক ভয়ংকৰ নাওঁ দুৰ্ঘটনা । বেঁকী নদীৰ এটা খুঁটাত খুন্দা লাগি দূৰ্ঘটনাগ্ৰস্ত হয় নাওঁখন। প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া ধুৱলি-কুঁৱলি থকাৰ ফলত দিশহাৰা হৈ নাৱঁৰ চালকে দলঙৰ খুঁটাত খুন্দা মাৰে। নাওঁখনে জনীয়াৰ চৌধুৰী বজাৰৰ পৰা গোবিন্দপুৰ গাওঁ পঞ্চায়ত আৰু কইমাৰী গাওঁ পঞ্চায়তলৈ বানাক্ৰান্ত লোকৰ বাবে বান সাহাৰ্য্যৰ সামগ্ৰী কঢ়িয়াই লৈ গৈ আছিল। নাওঁখনৰ ইঞ্চুৰেঞ্চৰ কাগজ, নাৱৰীয়াৰ এডমিট কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰকে ধৰি বহুতো গুৰুত্বপূৰ্ণ নথি-পত্ৰ পানীত উটি যোৱা বুলি নাৱৰীয়াজনে প্ৰকাশ কৰে। কথমপি প্ৰাণ ৰক্ষা পৰিল নাৱঁত গৈ থকা ৬গৰাকীকৈ লোকৰ।