Local, Vocal, Global

Hit and Run ঘটনাৰ পুনৰাবৃত্তি

নিউজ ডেস্ক : দেশৰ ৰাজধানী নতুন দিল্লীত শোকাৱহ ঘটনা। ৰাস্তাৰ কাষৰ ডিভাইডাৰত শুই থকা ৬ জনকৈ লোকক মহটিয়াই এখন দ্ৰুতবেগী ট্ৰাকে। ঘটনাটোৰ ফলত চাৰিজনলোক নিহত হোৱাৰ লগতে দুজন গুৰুত্বৰভাৱে আহত হয়।

বাতৰি অনুসৰি, দিল্লীৰ উত্তৰ-পূবৰ সীমাপুৰী (Seemapuri) অঞ্চলত সংঘটিত হৈছিল শোকাৱহ ঘটনাটো। পুৱা ১.৫১ বজাত ডিটিচি ডিপো ট্ৰেফিক চিগনেল পাৰ হৈ ডিএলএফ টি-পইণ্টলৈ যোৱা থকা এখন ট্ৰাকে ৰাস্তাৰ ডিভাইডাৰত শুই থকা ছয়জন লোকক মহটিয়াই নিছিল।

উল্লেখ্য যে, খবৰ অনুসৰি চালকজনে খৰখেদাকৈ আৰু অসাৱধানতাৰে গাড়ী চলাই আছিল।

add3

অৱশ্যে বাতৰি লিখা সময়লৈকে ট্ৰাকখন চালকৰ বিষয়ে তথ্য লাভ কৰা হোৱা নাই।