প্ৰতিবাদক ভয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ, মহানগৰীৰ মেঘদূত ভৱনত উত্তপ্ত পৰিস্থিতি
নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰ : মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ শতাধিক নেতা-কৰ্মীয়ে কেইবাটাও দাবীৰ সমৰ্থনত ধৰ্ণা দিয়াৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
প্ৰতিবাদকাৰীয়ে ধৰ্ণা দিবলৈ আৰম্ভ কৰাৰ সময়তে আৰক্ষীয়ে টনা-আজোৰা কৰে৷ লগে লগে প্ৰতিবাদকাৰীক দাংকোলাকৈ নি আটক কৰি গাড়ীত তোলা দেখা যায় ৷
প্ৰতিবাদকাৰীক সৰ্বশক্তিৰে বাধা আৰোপ কৰে আৰক্ষীয়ে৷ অবৈধভাবে লাভ কৰা অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ বাতিল কৰাৰ লগতে EVMত ব্যৱহৃত VVPat এশ শতাংশ গণনা কৰা আৰু পুৰণি পেন্সন ব্যৱস্থা বাহাল কৰাৰ দাবীত ধৰ্ণা প্ৰদান কৰিছিল সংগঠনটোৱে৷ ভাৰত মুক্তি মৰ্চাৰ অসম প্ৰদেশ কমিটি আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে অবৈধ জাতিৰ প্ৰমাণ পত্ৰ বাতিল কৰা, EVM পৰা ওলোৱা VVPat এশ শতাংশ গণনা কৰা, ওবিচিৰ জাতি আধাৰত গণনা কৰা, পুৰণি পেন্সন ব্যৱস্থা বাহাল ৰখা দি দাবীত যুটীয়াভাবে ধৰ্ণা কাৰ্যসূচী পালন কৰে।
ভাৰত মুক্তি মৰ্চাৰ অসম প্ৰদেশ কমিটি আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে অনুসূচিত জাতিৰ অবৈধ জাতিৰ প্ৰমাণ পত্ৰ বহু লোকে অবৈধভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ আনে৷ অসম অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস এই প্ৰতিবাদ অব্যাহত থাকিব বুলি কয়৷