Local, Vocal, Global

পাটিয়ালাৰ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ ধিং এক্সপ্ৰেছৰ

ভয়ংকৰ খবৰ। পাটিয়ালাৰ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন ধিং এক্সপ্ৰেছ  হিমা দাসৰ। ইতিমধ্যে ক্ৰীড়া মন্ত্ৰ্যালয়ক লিখিত অভিযোগ দাখিল কৰিলে দৌৰ ৰাণী হিমা দাসে।

পাটিয়ালাস্থিত এছিয়াৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ নেতাজী সুভাষ নেশ্যনেল ইন্সটিটিউট অৱ স্প’ৰ্টছ কেন্দ্ৰটোৱে অতি নিম্নমানৰ খাদ্য যোগান ধৰা অভিযোগ উত্থাপন কৰিছে হিমা দাসে।

হিমাৰ অভিযোগ অনুসৰি কিছুদিন পূৰ্বে খাদ্যত নখ পাইছিল। আৰু হিমা দাসে খাদ্যত পোৱা নখৰ ফ’টো তুলি কেন্দ্ৰটোৰ বিষয়াক অভিযোগ দাখিল কৰিছিল যদিও কেন্দ্ৰটোৰ উচ্চপদস্থ বিষয়াই ইয়াৰ বিৰুদ্ধে কোনো তদন্তই নকৰিলে।

অৱশেষত এতিয়া হিমাই কাষ চাপিলে ক্ৰীড়া মন্ত্ৰ্যালয়ৰ। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজুজুক ইতিমধ্যে লিখিত অভিযোগ দাখিল কৰিছে দৌৰ ৰাণী হিমা দাসে।

লগতে হিমাই অভিযোগ উত্থাপন কৰিছে যে ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটোৰ কৰ্মচাৰী আৰু অলিম্পিক খেলাৰ সুযোগ পোৱা দুগৰাকীকৈ বক্সাৰে ক’ভিড প্ৰ’টকল ভংগ কৰিছে।