কৰ্কট ৰোগত আক্ৰান্ত অভিনেতা কিশোৰ দাসৰ উন্নত চিকিৎসাৰ বাবে আগবাঢ়ি আহিল হাৰ্টথ্ৰব জুবিন গাৰ্গ

নিউজ ডেস্ক, ২৭ ফ্ৰেব্ৰুৱাৰীঃ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত অভিনেতা কিশোৰ কলিতাক সহায়ৰ বাবে আগবাঢ়ি আহিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। পুনৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে। কিশোৰ কলিতাৰ উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱাৰ সম্পূৰ্ণ খৰচ বহন কৰিব জুবিন গাৰ্গে।
উল্লেখ্য যে,খুবেই প্ৰতিভাসম্পন্ন অভিনেতা গৰাকী অসমীয়া ছবি জগতত কেইবাখনো ধাৰাবাহিকৰ লগতে বহুতো অসমীয়া গীতৰ ভিডিঅ’ত অভিনয় কৰিছিল।