Local, Vocal, Global

ছালৰ বেমাৰ আছে নেকি আপোনাৰ !

ঘৰতে সহজে উপলব্ধ প্ৰাকৃতিক দ্ৰব্যৰ ব্যৱহাৰ কৰি আমি ছালত সৃষ্টি হোৱা অতিৰিক্ত তেল নিয়ন্ত্ৰন কৰি ৰাখিব পাৰো ৷ ঘৰুৱা দ্ৰব্যৰ ফলাফল লাভ কৰোতে সময় লাগে, সেয়েহে ইয়াক নিয়মিত ব্যৱহাৰ কৰা উচিত ৷

★ কণী, মৌ আৰু বেচন:
এটা কণীৰ বগা অংশ লৈ, ইয়াত এক চামুচ মৌ আৰু দুই চামুচ বেচন দি ভালকৈ মিহলাই পেষ্ট বনাই লৈ মুখত প্ৰলেপ দি লগাব। অলপ সময় শুকাব দি কুহুমীয়া গৰম পানীৰে ধুই দিব।

★ পদিনা, নেমু বেচন আৰু মৌ:
পিচি লোৱা পদিনা এক চামুচ, বেচন এক চামুচ, মৌ আধা চামুচ আৰু নেমুৰ ৰস এক চামুচ ভালকৈ মিহলাই পেষ্ট বনাই ল’ব। এতিয়া পেষ্টটো ভালকৈ মুখত প্ৰলেপ দি লগাই শুকাব দিব। শুকালে কুহুমীয়া গৰম পানীৰে ধুই দিব । মুখখন ধুই মুখত গোলাপ জল লগাব

★ মূলতানি মাটি, বিলাহী আৰু গোলাব জল:
তিনি চামুচ মূলতানি মাটি, এক চামুচ বিলাহীৰ ৰস আৰু এম চামুচ গোলাপ জল ভালকৈ মিহলাই পেষ্ট কৰি ল’ব আৰু এই পেষ্টটো মুখত লগায় অলপ সময় শুকাব দিব।শুকালে কুহুমীয়া গৰম পানীৰে মুখখন ধুই দিব আৰু তাৰ পাছত মুখখনত ভাল ট’নাৰ লগাব।

★ গৰম পানীৰ ভাপ:
তেলেটীয়া ছাল বাবে গৰম পানীৰ ভাপ ল’লে নোমৰ গুৰিত জমা হোৱা অতিৰিক্ত তেল আৰু লেতেৰা পদাৰ্থ দূৰ হয় । সেয়েহে সপ্তাহত দুবাৰ গৰম পানীৰ ভাপ ল’ব। পানীৰ ভাপ লোৱাৰ ১৫ মিনিট মান আগত মুখত নেমুৰ ৰস লগাই শুকাব দিব।