Local, Vocal, Global

হৃষিকেশ গোস্বামীৰ প্ৰচেষ্টাত হাউলীবাসীৰ সমস্যাৰ সমাধান

65

হাউলীবাসীৰ এক গুৰুতৰ সমস্যা বিদ্যুতৰ লুকা-ভাকু। হাউলীত বিদ্যুতৰ সমস্যাই ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুৱাইছে। হাউলীত লোড শ্বেডিং আৰু অভাৰ লোডৰ ফলত হাউলীবাসীয়ে দীৰ্ঘদিন ধৰি বিদ্যুতৰ সমস্যাত ভুগি আহিছিল৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীকে ধৰি সাধৰণ ৰাইজে ইয়াৰ ফলত দুৰ্ভোগ ভুগিব লগা হৈছে। কিন্তু এতিয়া এই সমস্যা সমাধানৰ পথত। হাউলীৰ সুসন্তান হৃষিকেশ গোস্বামীৰ একান্ত প্ৰচেষ্টাত হাউলীত ইতিমধ্যে অনা হৈছে এটি নতুন ট্ৰেন্সফৰ্মাৰ। প্ৰায় ৭০ লক্ষাধিক টকাৰ এই ট্ৰেন্সফৰ্মাৰৰ যোগেদি বৃহত্তৰ হাউলীবাসীয়ে এক দীৰ্ঘদিনীয়া সমস্যাৰ পৰা পৰিত্ৰাণ পাব বুলি আশাবাদী হৃষিকেশ গোস্বামীৰ লগতে স্থানীয় ৰাইজ।বিদ্যুৎ বিভাগৰ মতে হাউলীত পুৰ্বে ১৩.১৫ mvk বিদ্যুৎ সেৱা আগবঢ়াব পৰা হৈছিল আৰু এতিয়াৰ পৰা এই সেৱাৰ জৰিয়তে ২৩.১৫ mvk বিদ্যুৎ সেৱা আগবঢ়াব পাৰিব। এই সুবিধাৰে বৃহত্তৰ হাউলী অঞ্চলৰ হাউলী নগৰকে ধৰি কুজাৰপীঠ, বৰবালা, কালজাৰ, পাকা বেতবাৰী, বৰবালা, খন্দকাৰপাৰা, গৰৈমাৰী আদি অঞ্চল উপকৃত হ’ব। অহা ১৫ দিনৰ ভিতৰত সম্পূৰ্ণ সংযোজন হ’ব লগা এই ট্ৰেন্সফৰ্মাৰটোৰ যোগেদি প্ৰায় ২০০০০ গ্ৰাহক উপকৃত হ’ব।

হাউলীৰ সু-সন্তান মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীক হাউলীবাসীৰ এনে দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ বাবে হাউলীৰ বিভিন্ন দল-সংগঠন তথা ৰাইজে শলাগ লৈছে।