Local, Vocal, Global

গৃহ প্ৰৱেশ নহ’ল হাবিলদাৰ পালানীৰ

জীৱনকালত এখন ঘৰ সজাৰ হেঁপাহ কাৰ নাথাকে। এখন সপোনৰ ঘৰ গঢ়ি তুলিবলৈকে কিমানে যে কি কৰিবলগীয়া নহয়। নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান হ’লেতো সেই সপোনৰ পম খেদি যোৱাই প্ৰত্যাহ্বান। সপোন সপোন হৈয়েই ৰৈ যায়। ঠিক তেনেকুৱা এটা সপোন বুকুত লৈ ফুৰোঁতেই গালৱান উপত্যকাত হেৰাই গ’ল হাবিলদাৰ কে পালানী। অথচ সপোনটো স্পৰ্শ কৰাৰ সময় তেনেই চমু চাপি আহিছিল পালানী জীৱনলৈ। কিন্ত শেষ মুহূৰ্তত চৰম বিশ্বাসঘাটকতা নিয়তীৰ। লাডাখ সীমান্তৰ গালৱান উপত্যকাত চীনা সৈন্যৰ বৰ্ব্বৰ আক্ৰমণত যি ২০ জন ভাৰতীয় সেনা জোৱান শ্বহীদ হ’ল , তেওঁলোকৰ মাজত অন্যতম তামিলনাডুৰ কে পালানী। এক নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান পালানী আছিল বিহাৰ ৰেজিমেণ্টৰ হাবিলদাৰ। ৪০ বছৰ বয়স হৈছিল পালানীৰ। চাকৰি জীৱনৰ বাকী আছিল মাত্ৰ এটা বছৰ। আৰু তাৰ পিছত ঘৰলৈ উভতি গৈ পত্নী আৰু দুই সন্তানৰ সৈতে জীৱনৰ বাকী সময়বোৰ কটাবলৈ তেওঁ সপোন দেখিছিল এখন নতুন ঘৰৰ। সেই সপোনকে সাকাৰ ৰূপ দিয়াৰ লক্ষ্যৰে তেওঁ সহায় লৈছিল বেংকৰ। ঋণ পাইছিলেও। ঘৰটোও সজা হৈছিল। কিন্তু ১৫ জুন দিনটো তেওঁৰ জীৱনৰ বাটত ৰৈ আছিল চৰম অভিশাপ হৈ। সেইদিনাই লাডাখৰ গালৱানত চীনা সেনাৰ বৰ্ব্বৰ আক্ৰমণত চিৰ দিনৰ বাবে হেৰাই গ’ল হাবিলদাৰ কে পালানী। সপোনৰ ঘৰখনত আৰু প্ৰৱেশ কৰা নহ’ল। বেংকৰ পৰা ঋণ ৰূপে পোৱা ১৭ লাখ টকাৰে নিজৰ পৈতৃক গাঁওখনৰ পৰা প্ৰায় ৬৫ কি মি নিলগত সেই সপোনৰ ঘৰখনৰ ভেটি বান্ধিছিল পালানীয়ে। উদ্দেশ্য এটাই , দুই সন্তানক ভাল স্কুলত পঢ়ুওৱা। কিন্তু সন্তানক সু নাগৰিক কৰাৰ স্বপ্নও নহ’লগৈ পূৰণ। যোৱা ৩ জুনৰ দিনা পৰিয়ালে পালন কৰিছিল পালানীৰ জন্মদিন। সেইদিনাও তেওঁ আছিল সীমান্তত কৰ্তব্য আৰু দায়িত্বৰ মাজত। বিপৰীতে সেই বিশেষ দিনটোতে পৰিয়ালৰ অন্যান্য সকলে পালন কৰিছিল নতুন ঘৰ লোৱাৰ আনুষ্ঠানিকতা। মাঙ্গলিক কাৰ্যও সম্পন্ন হৈছিল। ফোনত সকলো খবৰ পাই আছিল পালানীয়ে। প্ৰায় ছমাহ পূৰ্বে ১৫ দিনৰ বাবে ঘৰলৈ গৈ চুটি কটাই অহা পালানীৰ আৰু ঘৰমুখী হোৱাই নহ’ল। সান্তনাৰ বিষয় মাথোঁ এটাই, দেশমাতৃৰ সুৰক্ষা , আখণ্ডতাৰ স্বাৰ্থতেই শ্বহীদ হ’ল কে পালানী।