ড্ৰাগছৰ গ্ৰাসত তীৰ্থনগৰী হাজো

ড্ৰাগছৰ গ্ৰাসত পৰিছে তীৰ্থনগৰী হাজো। অৱশেষত ৰাইজৰ দ্বাৰা আটক এজন ড্ৰাগছ আসক্ত যুৱক। হাজো কৈৱৰ্তটোলাৰ টিংকুল দাস নামৰ যুৱকজনক কলিতাকুছিৰ মছজিদৰ সমীপৰ পৰা আটক কৰে ৰাইজে। আনহাতে কৈৱৰ্তটোলাৰ দিগন্ত দাস নামৰ আন এজন ড্ৰাগছ আসক্ত যুৱকৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
উল্লেখ্য যে কলিতাকুছিৰ মিঠুন নামৰ এজনৰ যুৱকৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ আহিছিল টিংকুলে। লক্ষ্যণীয়ভাৱে মিঠুনে কলিতাকুছিৰ ধৰ্মীয় উপাসনাথলীৰ সমীপতে ড্ৰাগছৰ ঘাটি পতাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।
অৱশেষত ড্ৰাগছৰ বিৰুদ্ধে নিশাৰ ভাগত ওলাই আহিল কলিতাকুছিৰ একাংশ জনতা। ঘটনাস্থলীৰ পৰা হাজো আৰক্ষীয়ে আটক কৰে ড্ৰাগছ আসক্ত যুৱকক। হাজোৰ একাংশ ১৮ বছৰৰ তলৰ যুৱক সম্প্ৰতি মাৰাত্মক ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছে।