Website Design: dastechnologies.in
হাজোৰ ক্ৰীড়াজগতৰ বাবে এটা ভাল খবৰ৷ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ প্ৰস্তাৱিত ক্ৰীড়া ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই। কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰীতা তালুকদাৰ প্ৰমুখ্যে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জীতেন্দ্ৰ পাটোৱাৰী, হাজো আৰু উত্তৰ কামৰূপ মণ্ডল বিজেপিৰ দুই সভাপতিসহ শতাধিক দলীয় নেতা- কাৰ্যকৰ্তাৰ উপস্থিতিত আজি ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰে বিধায়িকাগৰাকীয়ে। এই ষ্টেডিয়ামখনে হাজোবাসীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা কৰিছে অঞ্চলবাসীয়ে।