Local, Vocal, Global

হাজোত সংঘটিত এক ভয়ংকৰ পথ দূৰ্ঘটনা

57

ৰাখে হৰি মাৰে কোনে, এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল ২৪ দিনীয়া দেৱশিশুৰ ।

হাজোত এক ভয়ংকৰ দুৰ্ঘটনা । হাজোৰ শাক্তিবাৰীত দ’ খাৱৈত পৰিল এখন যাত্ৰীবাহী ট্ৰেম্প। ট্ৰেম্পোখনত আছিল ৩ গৰাকী মহিলা আৰু এগৰাকী শিশুকে ধৰি ৯ গৰাকীকৈ যাত্ৰী। চালকৰ ভূলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজৰ অভিযোগ। টেম্পখনত থকা শিশুটিৰ বয়স মাত্ৰ ২৪ দিন। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল দেৱশিশু সহিতে টেম্প খনৰ যাত্ৰীসকল। কিন্তু কম-বেছি পৰিমাণে আহত হৈছে আটাইকেইজন যাত্ৰী।

যাত্ৰীসকল হাজোৰ আধিয়াপাৰা অঞ্চলৰ বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে পানীৰ পৰা উদ্ধাৰ কৰে আহত লোক কেইজনক। কিন্তু সৌভাগ্যক্ৰমে গুৰুতৰভাৱে আহত হোৱা নাই কোনো যাত্ৰী।