Local, Vocal, Global

হাইলাকান্দিত ৪০ লাখ টকাৰ ইয়াবা টেবলেট সহ গ্ৰেপ্তাৰ ড্ৰাগছ পাচাৰকাৰি

ডিজিটেল ডেস্ক:- হাইলাকান্দি আৰক্ষীৰ বৃহৎ সফলতা । বৃহৎ পৰিমাণ ইয়াবা টেবলেট সহ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যবসায়ী । যোৱা কালি হাইলাকান্দি জিলাৰ নাৰাইনপুৰ তৃতীয় খণ্ডৰ পৰা আৰক্ষীয়ে জব্দ কৰে মোট ১০ হাজাৰ ইয়াবা টেবলেট । লগতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগ ব্যবসায়ী বিলাল উদ্দিন চৌধুৰীক ।

গ্ৰাহক সাজি আৰক্ষীয়ে ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিলে ড্ৰাগছ ব্যবসায়ীক । যোৱা কালি হাইলাকান্দি শহৰতলীৰ নাৰাইনপুৰ তৃতীয় খণ্ডত ড্ৰাগছ ক্ৰয় কৰাৰ বাবে ছদ্মবেশত উপস্হিত হৈছিল আৰক্ষী । আৰু তেতিয়া ড্ৰাগছ বেচিবলৈ অহা বিলাল উদ্দিন নামৰ কুখ্যাত ড্ৰাগ পাচাৰকাৰিক হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । লগতে তাৰ পৰা আৰক্ষীয়ে মোট ১০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত এই ইয়াবা টেবলেটৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা হ’ব বুলি জনাইছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নবনীত মহন্তই ।