Local, Vocal, Global

Gyanada Kakati Passes Away: বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

নিউজ ডেস্ক,৯জানুৱাৰী : বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান। শ্বিলঙৰ বেথানি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে। ৯৩ বছৰ বয়সত বিয়োগ জ্ঞানদা কাকতিৰ।

১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত জন্ম লাভ কৰিছিল জ্ঞানদা কাকতিয়ে। অভিনেত্ৰীগৰাকীৰ পিতৃগৃহ পাণবজাৰত আছিল যদিও পিতৃ চাকৰিসূত্ৰে শ্বিলঙত আছিল। আৰু তেওঁলোকে স্থায়ীভাৱে শ্বিলঙতে বসবাস কৰিছিল। তেওঁ লোহিত কাকতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জ্ঞানদা কাকতি(Gyanada Kakati Passes Away)।

১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত ভূমুকি মাৰিছিল বৰেণ্য অভিনেত্ৰী জ্ঞানদা কাকতিয়ে। ‘পূবেৰুণ’ কথাছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল অভিনেত্ৰীগৰাকী। ১৯৬০ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল পূবেৰুণ ছবিখন।

অসমীয়াৰ উপৰিও বঙালী ছবি নীলাচলেৰ ‘মহাপ্ৰভু’, ‘গড়েৰ মাঠে’, ‘বৰমা’ত অভিনয় কৰিছিল জ্ঞানদা কাকতিয়ে।

২০০২ চনত বিষ্ণু ৰাভা বঁটা লাভ কৰিছিল জ্ঞানদা কাকতিয়ে। ১৯৮৭ চনত ‘প্ৰথম ৰাগিনী’ ছবিৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।
জ্ঞানদা কাকতিক বন্দীনী নামৰ হিন্দী ছবিত নায়িকাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল অভিনেত্ৰীগৰাকীয়ে। জ্ঞানদা কাকতি আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল।

লগতে পঢ়ক :Charaideo Mahotsav 2025: কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ