আজি গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচন, ৫৭ টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ৬০টা ৱাৰ্ড যুক্ত গুৱাহাটী পৌৰসভাৰ ইতিমধ্যে ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী। নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰথমবাৰলৈ EVMৰ জৰিয়তে কৰা হৈছে।
এইবাৰ নিৰ্বাচনত ১৯৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৭,৯৭,৮০৭ গৰাকী ভোটাৰে। ইয়াৰে ৩,৯৭, ১২৮ গৰাকী পুৰুষ, ৪০০৫৬৪ গৰাকী মহিলা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।
গুৱাহাটীৰ ৭৫৭টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ। এইবাৰ এই নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটে ৬০ টা ৱাৰ্ডত প্ৰাৰ্থী দিছে।
এই নিৰ্বাচনত বিজেপিয়ে ৫০, অগপই ৭, কংগ্ৰেছে ৫৪, আম আদমী পাৰ্টীয়ে ৩৯টা ৱাৰ্ডত প্ৰাৰ্থী দিছে। ইয়াৰোপৰি অসম জাতীয় পৰিষদে ২৫ টা আৰু এন চি পিয়ে ৩, চি পি আই(এম)য়ে ৪টা ৱাৰ্ডত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।