Local, Vocal, Global

গুৱাহাটীত হ’বনে IPL ?

দৰ্শক শূন্য ষ্টেডিয়ামত চলিত বৰ্ষত ছেপ্টেম্বৰ-অক্টোবৰত অনুষ্ঠিত হব পাৰে বিশ্বৰ সৰ্ববৃহত টি-20 লীগ আইপিএল। দেশত আনলক-১ আৰম্ভ হোৱাৰ লগে লগে আইপিএল অনুষ্ঠিত হোৱাৰ সম্ভৱনাও প্ৰকট হৈছে। বিচিচিআইয়েও চলিত বৰ্ষতে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ কৰাৰ পক্ষত। বিচিচিআইৰ অধ্যক্ষ তথা টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও কৰনা ভাইৰাচৰ বাবে স্থগিত হোৱা আইপিএল পূনৰ অনুষ্ঠিত কৰিবলৈ যথপোযুক্ত প্ৰচেষ্টা হাতত লৈছে। সকলো ঠিকে থাকিলে ছেপ্টেম্বৰ-অক্টোবৰত অনুষ্ঠিত হব আইপিএল।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ইতিমধ্যে ৰাজ্যিক ক্ৰিকেট সন্থা আৰু আইপিএল ফ্ৰেন্সাইজীৰ প্ৰাৰম্ভিক আলোচনা কৰিছে।

অসম ক্ৰিকেট সন্থাইও দুই-এদিনতে লাভ কৰিব যাবতীয় পত্ৰ। উল্লেখযোগ্য যে গুৱাহাটীস্থিত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ৰাজস্থান ৰয়েলছ দলৰ ঘৰুৱা খেলপথাৰ। আইপিএলৰ গৱৰ্ণিং কাউন্সিলৰ অধ্যক্ষ ব্ৰিজেশ পাটিল, বিচিচিআইৰ সম্পাদক জয় শ্বাহ, কোষাধ্যক্ষ অৰুণ ধুমলে আৰু বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে আইপিএল অনুষ্ঠিত কৰিবলৈ সহমত প্ৰকাশ কৰাৰ লগে লগে গুৱহাটীত আইপিএল অনুষ্ঠিত হোৱাৰ সম্ভৱনা প্ৰকট হৈ উঠিছে।