Local, Vocal, Global

অপৰাধ–প্ৰৱঞ্চনাৰ ঘাটি হৈ পৰিছে গুৱাহাটী মহানগৰী !মহানগৰীত সুন্দৰ যুৱতীৰ প্ৰৱঞ্চনাৰ জাল

মহানগৰীত সুন্দৰ যুৱতীৰ প্ৰৱঞ্চনাৰ জাল।অপৰাধ–প্ৰৱঞ্চনাৰ ঘাটি হৈ পৰিছে গুৱাহাটী মহানগৰী! পুনৰ মহানগৰীত আৰক্ষীৰ জালত পৰিল দুই যুৱকসহ এগৰাকী মহিলা প্ৰৱঞ্চক।ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি প্ৰৱঞ্চকক।দীৰ্ঘদিন ধৰি চক্ৰটোৱে বিভিন্নজনক কৰি আহিছিল প্ৰৱঞ্চনা ।ধৃত যুৱক দুজন গীতানগৰৰ জ্যোতিষ্মান লহকৰ আৰু নাগালেণ্ডৰ ৰাজেশ মণ্ডল। ওদালবাক্ৰাৰ পৰা আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চকৰ দলটোক।

অভিযোগ অনুসৰি, এই ৩ প্ৰৱঞ্চকে দীৰ্ঘদিন ধৰি বহু লোকক লুটপাত চলাই আহিছিল। বৰ্তমান যুৱতীগৰাকীক পাণবজাৰ মহিলা থানাত ৰাখিছে আৰু যুৱক দুজনক ৰখা হৈছে ভঙাগড় থানাত। কেইদিনমান পূৰ্বে পল্টন বজাৰ থানাৰ ম’বাইল চুৰিৰ গোচৰত সাঙোৰ খাইছিল ধৃত যুৱতীগৰাকীৰ নাম। বহু দিন ধৰি ভুৱা কথাৰে গ্ৰাহকক লুট চলোৱা প্রৱঞ্চক অৱশেষত পৰলি আৰক্ষীৰ জাল। ৰিয়েল ষ্টেট বিজনেছত জড়িত বুলি ৰাইজৰ পৰা সৰকাইছিল ধন। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ।