Local, Vocal, Global

Tourism development of North East region: লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উদ্যোগত কৰ্মশালা

গুৱাহাটী, ১০ জুন : লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Lokpriya Gopinath Bordoloi International Airport)ৰ উদ্যোগত “উত্তৰ-পূব ভাৰতৰ পৰ্যটন উদ্যোগৰ বিকাশৰ প্ৰক্ৰিয়াত বিমানবন্দৰৰ ভূমিকা” শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় । কৰ্মশালাখন উদ্বোধন কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah Minister of Tourism Assam) ।

কৰ্মশালাখনত মন্ত্ৰী বৰুৱাই অঞ্চলটোৰ পৰ্যটনৰ প্ৰসাৰৰ স্বাৰ্থত অসম চৰকাৰে গ্ৰহণ কৰা বহুকেইটা পদক্ষেপৰ কথা উল্লেখ কৰে (Promote tourism in Assam) । তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰত এক শক্তিশালী দৃষ্টিভংগী থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ৰ গতিশীল নেতৃত্বত উদ্যোগটো শীঘ্ৰেই বিকশিত হৈ উঠাৰ সমান্তৰালকৈ বিমানবন্দৰটোৱেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব (Vision for tourism in NE region) ।

আহমেদাবাদৰ আদানী এয়াৰপৰ্ট হোল্ডিং লিমিটেডৰ উপ মুখ্য কাৰ্যবাহী বিষয়া শ্বেৰ খান, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং আৰু উদ্যোগ আৰু পৰ্যটন বিভাগৰ সচিব ৰবি শংকৰ প্ৰসাদ, অসমৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনৰ প্ৰতিনিধি, এয়াৰলাইনছৰ জ্যেষ্ঠ বিষয়া, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক আৰু বিমানবন্দৰৰ বহুকেইগৰাকী বিষয়াই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ লগতে আৰু বক্তব্য ৰাপ্ৰদান কৰে(Tourism development of North East region) ।

আদানী এয়াৰপৰ্ট হোল্ডিং লিমিটেডৰ উপ মুখ্য কাৰ্যবাহী বিষয়া শ্বেৰ খানে(Sher Khan Deputy CEO of Adani Airports) বিমানবন্দৰটোৰ উন্নয়নৰ বিপুল সম্ভাৱনাৰ কথা উল্লেখ কৰি বিভিন্ন তথ্য প্ৰকাশেৰে উপস্থিত লোকসকলক পতিয়ন নিয়াব চেষ্টা কৰে । তেওঁ লগতে গুৱাহাটী বিমানবন্দৰে (Guwahati Airport) কেনেদৰে অন্যান্য ভাৰতীয় চহৰ আৰু সাম্ভাব্য বিদেশী গন্তব্যস্থানৰ সৈতে নতুন সংযোগৰ পৰিকল্পনা কৰিব পৰা যায় সেই বিষয়েও ব্যাখ্যা আগবঢ়াই ।

ছিংগাপুৰৰ চাংগী বিমানবন্দৰ(Changi Airport Singapore)ৰ পূৰ্বৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ বৰ্ণনা কৰে, বিমানবন্দৰটোৱে কেনেদৰে দেশখনৰ পৰ্যটন উদ্যোগৰ বিকাশ(Development of tourism)ত অৰিহণা যোগাইছিল ।

কৰ্মশালাৰ প্ৰসংগ নিৰ্ধাৰণ কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱাই বিমানবন্দৰটো এক আঞ্চলিক কেন্দ্ৰ হোৱাৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি কয়, অঞ্চলটোৰ যিকোনো নাগৰিকে ভাৰতৰ যিকোনো চহৰলৈ যাত্ৰা কৰি ২৪ ঘন্টাৰ ভিতৰত পুনৰ ঘৰলৈ উভতি আহিব পাৰে ।

তেওঁ লগতে এই কথাক অধিক গুৰুত্ব দি কয় যে, পূবৰ দেশসমূহৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সংযোগ স্থাপন হ’লে ভাৰতীয় নাগৰিকে কম মূল্যত আৰু কম সময়তে দেশসমূহলৈ যাত্ৰা কৰিবলৈ সক্ষম হ’ব ।

তাৰোপৰি গুৱাহাটী বিমানবন্দৰে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য সামগ্ৰী যেনে চাহ, চাউল, শাক-পাচলি, মছলা, ফল-মূল আদি পৰিবহণ কৰি অৰ্থনৈতিক সমৃদ্ধি কঢ়িয়াই আনিব পাৰে ।

এই কৰ্মশালাখনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটন বিভাগৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে। ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য সচিব ড০ লক্ষ্মণন এচ.য়ে চৰকাৰৰ বিভিন্ন পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰে য’ত বিমানবন্দৰটোৱেও অৱদান আগবঢ়াব পাৰে ।

কৰ্মশালাখনত পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ পথ আৰু আভ্যন্তৰীণ জলপথৰ সম্ভাৱনাৰ ওপৰতো বিতংভাৱে আলোচনা কৰা হয় ।

লগতে পঢ়ক : Amarnath Yatra 2023 : অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা কৰে অমিত শ্বাহে