ৰাজ্যপাল হিচাপে শপতগ্ৰহণ গুলাব চান্দ কাটাৰিয়াৰ…

ডিজিটেল ডেস্কঃ-:ৰাজ্যপালৰূপে শপত গ্ৰহণ গুলাব চান্দ কাটাৰিয়াৰ।গুৱাহাটী উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই শপত বাক্য় পাঠ কৰোৱাই ৰাজ্য়পাল জনক।কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৩১ সংখ্যাক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ গুলাব চান্দ কাটাৰিয়াৰ। মঙলবাৰে গুৱাহাটীত উপস্থিত হয় নৱ নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া।গুলাব চান্দ কাটাৰিয়া ইয়াৰ পূৰ্বে ৰাজস্থানৰ গৃহ, গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত আদি বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও বিৰোধী দলপতিৰ ভূমিকাও পালন কৰিছিল।