গ্ৰেম্মি বঁটাত “I stand with Farmers” লিখিত মাস্ক পৰিধানেৰে প্ৰতিবাদ জনপ্ৰিয় ইউটিউবাৰ লিলি সিঙৰ ।

জনপ্ৰিয় ইউটিউবাৰ লিলি সিঙে “I stand with Farmers (মই কৃষকৰ লগত থিয় দিছো)” লিখিত মাস্ক পৰিধান কৰি প্ৰৱেশ কৰে বিশ্ব বিখ্যাত বঁটা প্ৰদান অনুষ্ঠান ‘গ্ৰেম্মিত’ । কাৰণ দৰ্শাই তেওঁ উল্লেখ কৰে যে- ৰঙা দলিছা (Red Carpet) বা বঁটাপ্ৰদান অনুষ্ঠান (Award Show) সমূহৰ ছবি অন্য বিষয়ৰ তুলনাত চচিয়েল মিডিয়াৰ লগতে টেলিভিছনত বহু পৰিমানে প্ৰচাৰ কৰা হয় । আকৰ্ষণীয় যে গ্ৰেম্মিৰ দৰে অনুষ্ঠানটিৰ প্ৰত্যেক ক্ষণ বিশ্বৰ চুকে- কোণে বিয়পি পৰিব বুলি জানি ইউটিউবাৰ লিলি সিঙে পোনপটীয়াকৈ কৃষকৰ সমৰ্থনত থিয় দি এই পদক্ষেপ লোৱা বুলি সকলোৱে ইতিমধ্যে উমান পাইছে । উল্লেখ্য যে এই পদক্ষেপৰ পূৰ্বেও লিলি সিঙে কৃষক বিদ্ৰোহৰ সমৰ্থনত চচিয়েল মিডিয়াযোগে নিজৰ মত প্ৰকাশ কৰি আহিছিল ।