Local, Vocal, Global

গোলাঘাটত পুনৰ চুৰি কাণ্ড

গোলাঘাটত পুনৰ চুৰি কাণ্ড। গোলাঘাট নগৰৰ মাজমজিয়াত মঙলবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। গোলাঘাট নগৰৰ টোকানী চাৰ্কোলৰ সমীপৰ দুখন দোকানৰ পৰা চোৰে লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰী আৰু‌ নগদ ধন। বিজয় কুমাৰ সিং আৰু দীনেশ জয়ছোৱাল নামৰ দুজন ব্যক্তিৰ ফলমূলৰ দোকানত তলা ভাঙি চোৰে চলাই চাফাই অভিযান। উক্ত অঞ্চলত পুৰ্বতো ৫খন ব্যৱসায়িক প্ৰতিষ্ঠানতো চুৰি হৈছিল। পুৰ্বৰ দৰেকৈ এইবাৰো পুনৰ ফলমূল দোকান দুখনক লক্ষ্য চোৰৰ। নগৰৰ মাজমজিয়াত ধাৰাবাহিক চুৰিকাণ্ড সংঘতিত হোৱাৰ পিছতো গোলাঘাট আৰক্ষীয়ে বৰ্তমানেও নাকি লগাব পৰা নাই চোৰৰ দলটোক।