Local, Vocal, Global

মানৱতাক লজ্জানত কৰা সভ্য সমাজৰ জঘন্য কাণ্ড

 

গোলাঘাটত অৰ্ধগলিত অৱস্থাত মানৱ ভ্ৰূণ উদ্ধাৰ। গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰ্ডিং খেলপথাৰত উদ্ধাৰ অৰ্ধগলিত ভ্ৰূণটো। বৰ্ডিং খেলপথাৰৰ সমীপৰ স্থানীয় ৰাইজে  ভ্ৰূণটো প্ৰত্যক্ষ কৰি গোলাঘাট সদৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অৰ্ধগলিত ভ্ৰূণটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। কোনো নিৰ্দয় মাতৃয়ে নিজৰ ক’লা অধ্যায় সমাজৰ আগৰ পৰা লুকুৱাবৰ বাবেই মানৱ ভ্ৰূণটো হত্যা কৰিছে অন্যথা অবৈধ মাতৃত্বৰ বোজাৰ পৰা নিজে লোক চক্ষুৰ পৰা ৰক্ষা পাবৰ বাবে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ একাংশৰ। আনহাতে ঘটনাস্থলীৰ একেবাৰে কাষতে আছে দুখনকৈ ব্যক্তিগত চিকিৎসালয়। একাংশই সন্দেহ, প্ৰকাশ কৰিছে দুখনকৈ ব্যক্তিগত চিকিৎসালয়লৈ। ‌অৰ্ধগলিত ভ্ৰূণটোৰ এখন ভৰি আৰু এখন হাত কুকুৰে ভক্ষণ কৰিছে বুলি জানিব পৰা গৈছে। এই সম্পৰ্কত আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।