Local, Vocal, Global

গোলাঘাটত কৰ’নাৰ সমান্তৰালকৈ এনকেফেলাইটিজৰ আতংক

কৰ’না আতংকৰ পিছতেই এইবাৰ গোলাঘাটত জাপানীজ এনকেফেলাইটিজৰ আতংক। কৰ’না সংক্ৰামণে সমগ্ৰ দেশৰ লগতে গোলাঘাটতো চলাইছে সন্ত্ৰাস। এনে জটিল সন্ধি ক্ষণত গোলাঘাটত এইবাৰ জাপানীজ এনকেফেলাইটিজৰ আতংক। বৰ্তমান গোলাঘাট জিলাৰ বিভিন্ন স্থানত প্ৰাদুৰ্ভাৱ হৈছে জাপানীজ এনকেফেলাইটিজ। এই ৰোগত আক্ৰান্ত হৈ গোলাঘাটত বৰ্তমান চিকিৎসাধীন হৈ আছে সাতজনকৈ লোক। ইয়াৰ বিপৰীতে এগৰাকী সাতবছৰীয়া শিশু চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। গোলাঘাট জিলাৰ কৰ’ণা সংক্ৰামণৰ ভয়াবহতাক ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগ সস্তম হৈ থকাৰ সময়তে গোলাঘাটত জাপানীজ এনকেফেলাইটিজে মহামাৰীৰ ৰূপ লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে। কৰ’না সংক্ৰামণৰ সমান্তৰালভাৱে এতিয়া জাপানীজ এনকেফেলাইটিজ ৰোগ ৰোধ কৰিবলৈ সাজু হ’ব লাগিব স্বাস্থ্য বিভাগ।