Local, Vocal, Global

শ্মশানৰ চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতি

গোলাঘাটৰ চাৰিপুৰীয়া ৰাজহুৱা শ্মশানৰ চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণৰ নামত  চলিছে দুৰ্নীতি। পঞ্চায়ত প্ৰতিনিধিয়ে  ব্যাপক অনিয়ম আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ধন আত্মসাৎ কৰাৰ  অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ । চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত গোলাঘাটৰ চাৰিপুৰীয়া ৰাজহুৱা শ্মশান পকী দেৱাল নিৰ্মাণৰ বাবে আৱন্টন হৈছিল ধন । ৭,৩৭,৫০০.০০ টকা আৱন্টন লাভ কৰাৰ পিছত পকী দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ঠিকাদাৰে । আৰ্হি অনুসৰি নিৰ্মাণ নকৰাৰ লগতে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উথাপন কৰিছে ৰাইজে । স্থানীয় ৰাইজে সভা অনুষ্ঠিত কৰি নিৰ্মাণ সমিতিৰ সভাপতিক কেইবাবাৰো অভিযোগ দিছে যদিও সভাপতিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ । অতি শীঘ্ৰে নিৰ্মাণ কৰা দেৱাল খন ভাঙি নতুনকৈ উন্নত মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।