Local, Vocal, Global

গোলাঘাট জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গোলাঘাট জিলাৰ এভাৰগ্ৰীন ৱেলফেয়াৰ ছ’চাইটীৰ যোগ প্ৰদৰ্শনৰ এটি ভিডিঅ’ মুকলি কৰে৷ কৰ’না মহামাৰীৰ লগত নিয়োজিত স্বাস্থ্যকৰ্মী, আৰক্ষী-প্ৰশাসন, সংবাদকৰ্মী আৰু বিভিন্ন ক্ষেত্ৰৰ সেৱাত নিয়োজিত লোকক শ্ৰদ্ধা জনাই এই ভিডিঅ’টোৰ জৰিয়তে সমগ্ৰ দেশবাসীক বাৰ্তা প্ৰদান কৰে৷ যোগৰ শাৰীৰিক-মানসিক-আধ্যাত্মিক গুণসমূহৰ মহত্ব অনুভৱ কৰি NGOটোৰ পৰিচালিকা অনুৰাধা মহন্তই যোগৰ ভিডিঅ’ প্ৰস্তুত কৰি ভিডিঅ’টো মুকলি কৰে। NGOটোৰ পৰিচালিকা অনুৰাধা মহন্ত নিজেই এগৰাকী যোগ প্ৰশিক্ষক৷ Lockdownৰ সময়তো তেওঁ জনসাধাৰণক শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে বহু যৌগিক দিহা পৰামৰ্শ দিয়াৰ লগতে বাতৰিকাকত আৰু যোগ সম্পৰ্কে কেইবাটাও প্ৰবন্ধ লিখি, গাঁৱত যোগ সম্পৰ্কে প্ৰচাৰ কৰি সজাগতা বৃদ্ধি কৰিছে ৷