Local, Vocal, Global

দুজনকৈ লে’ব টেকনিচিয়ান কভিড-১৯ আক্ৰান্ত হোৱাৰ পিছতে গোলাঘাটত চাঞ্চল্য

গোলাঘাটত দুজনকৈ লে’ব টেকনিচিয়ান কভিড-১৯ আক্ৰান্ত হোৱাৰ পিছতে গোলাঘাটত চাঞ্চল্য। লে’ব টেকনিচিয়ান দুজনে তিনিদিন পূৰ্বে গোলাঘাটৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ লে’বত কৰ্মৰত আছিল। মঙলবাৰে স্বাস্থ্যকৰ্মী দুজনৰ কভিড-১৯ পজিটিভ হোৱাৰ পিছতে গোলাঘাটত চাঞ্চল্যৰ সৃষ্টি হৈছে। গোলাঘাট জিলাৰ বিভিন্ন স্থানত স্বোৱাব সংগ্ৰহ কৰি কোৱাৰেণ্টাইন হোৱাৰ সময়ত কেনেদৰে ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত হৈ আছিল তাক লৈয়ো প্ৰশ্ন উঠিছে। ঘটনা সন্দৰ্ভত গোলাঘাট প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। গোলাঘাট নাৰ্ছিং হোম কৰ্তৃপক্ষই ইতিমধ্যে চিকিৎসালয়খনলৈ আহ-যাহ, ৰোগী চোৱা বন্ধ কৰি ৰাখিছে।