Local, Vocal, Global

WATCH | Gohpur News : কাজু শইকীয়া আৰু মধুস্মিতা বৰাসহ কেইবাগৰাকীও প্ৰৱঞ্চকে ৰাইজৰ ধন লুন্ঠন কৰাৰ অভিযোগ

গহপুৰ,১৮মে’ : মই কাজু ,মধুস্মিতা সেইবোৰক চিনিয়েই নাপাওঁ। সিহঁতে লাখ লাখ টকা লুটিছে। পুলিচে আজিলৈকে চাৰ্জশ্বিট দিয়া নাই। এনেকুৱা পুলিচ অফিচাৰ দেখা নাই । investigation ও কৰিব নাজানে। আপোনালোকে ফে’ক কেচ । এটাত ইমান দৌৰাদৌৰি কৰিব পাৰে,অৰিজিনেল কেচ এটাত অলপো মাথা নামাৰে কিয় ।

আপোনালোকে মানে ফে’ক কেচ আহক , ফে’ক কেচ এটাত মানুহ এৰেষ্ট কৰি দিও বুলি ভাবি থাকে নেকি। যদি এনেকুৱা ভাবি আছে মই চাইলেন্ট নাথাকো । এই কেচটোত যিয়ে জড়িত আছে মই গোটেই কেইটাৰ ওপৰত আপোনালোকৰ ছিনিয়ৰৰ তাত কম্প্লেইন দিম আৰু ক’ৰ্টতো কেচ দিম।

বিগত বৰ্ষত অসমত কেইবাটাও বিত্তীয় কেলেংকাৰীৰ ঘটনাই অসমৰ ৰাইজক বাৰুকৈয়ে ৰাম টাঙুন মাৰিছিল। ৰাইজৰ গাঠিৰ ধন ঠগ-প্ৰৱঞ্চনাৰে সৰকাই নিজৰ জীৱনক বিলাসীকতাৰ ৰূপ দিবলৈ বিচৰা বহু প্ৰৱঞ্চকৰ মুখা খোল খাইছিল। ৰাইজৰ টকা লুটিপুতি খোৱা প্ৰৱঞ্চক লুন্ঠনকাৰীবোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই বহু প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছিল অসম আৰক্ষীয়ে। কেইবাটাও কেচ লৈছিল চিবিআইয়ে(Gohpur News)।

প্ৰৱঞ্চকৰ জালত বাদ পৰি যোৱা নাছিল গহপুৰৰ ৰাইজৰ । গহপুৰৰ ৰাইজ প্ৰথমতে YBY নামৰ ট্ৰেডিং এপৰ জড়িয়তে সহজে ধন ঘটাৰ প্ৰলোভনত মোহিত হৈ সকলো সৰ্বশ্বন্ত হোৱাৰ পাছত অন্য এক বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰলোভনত পৰি সকলো হেৰুৱাবলগীয়া হৈছিল ।

এটা ব্যক্তিগত ফেচবুক পেজ বনাই সঁচাই মিচাই কিছুমান পোষ্ট আপলোড কৰি নিজকে সাংবাদিক বুলি জহাই ফুৰা কাজু শইকীয়া নামৰ এগৰাকী মহিলাই নিজৰ ব্যক্তিগত ফেচবুক পেজত অতি সহজে লোন দিয়াৰ ভুৱা প্ৰলোভন দি ২০শতাংশ আগধন হিচাপে সংগ্ৰহ কৰি বহু দুখীয়া ৰাইজৰ টকা আত্মসাৎ কৰাৰ ঘটনাত গ্ৰেপ্তাৰ হৈ ৰঙাঘৰৰ আলহী হ’বলগা হৈছিল।

উক্ত ঘটনাটোত কাজু শইকীয়া,মধুস্মিতা বৰাকে ধৰি কেইবাগৰাকীও প্ৰৱঞ্চকে প্ৰৱঞ্চনাৰ জাল পেলাই দুখীয়া-দৰিদ্ৰ বহু লোকৰ পৰা লোন দিয়াৰ ভুৱা প্ৰলোভন দি প্ৰৱঞ্চককেইগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনক বিলাসীকতাৰ ৰূপ দিছিল। ৰাইজৰ গাঠিৰ ধনৰ লুন্ঠন চলোৱা এই সম্পূৰ্ণ scam টোত মূখ্যভূমিকা লৈছিল নিজকে সাংবাদিক বুলি জহাই ফুৰা কাজু শইকীয়া নামৰ এগৰাকী মহিলাই।

কাজু শইকীয়াৰ লগত মধুস্মিতা বৰাসহ কেইবাগৰাকীও প্ৰৱঞ্চকে ৰাইজক লুন্ঠন চলাইছিল। এই গোটেই scam টোৰ কথা যেতিয়া ৰাইজে জানিব পাৰিলে তেতিয়া এই প্ৰৱঞ্চকবোৰৰ বিৰুদ্ধে গহপুৰ আৰক্ষী থানাত এজাহাৰ দিলে । ঘটনা সন্দৰ্ভত কেইবাগৰাকীও প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰি বিশ্বনাথ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ‌।

এতিয়া প্ৰধান বিষয়টো হৈছে যে, ঠগ-প্ৰৱঞ্চনাৰ জালত পেলাই ৰাইজৰ টকা লুন্ঠন চলোৱা কোনো প্ৰৱঞ্চক সাৰি যাব নোৱাৰিব বুলি মন্তব্য কৰা আৰু প্ৰৱঞ্চকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক অমান্য কৰি গহপুৰ আৰক্ষী আৰু বিশ্বনাথ আৰক্ষীয়ে কাজু শইকীয়া,মধুস্মিতা বৰা গেঙক ৰক্ষনাবেক্ষন দিবৰ কাৰণে এই প্ৰৱঞ্চক গেঙৰ চাৰ্জশ্বিট ৯মাহ হৈ যোৱাৰ পাছতো আজি পৰ্যন্ত চাৰ্জশ্বিট নপঠিওৱাত আৰক্ষীৰ প্ৰতি সন্দেহৰ আঙুলি তুলিছে উক্ত ঘটনাটোৰ লগত সাঙুৰ খোৱা এগৰাকী যুৱতীয়ে ।

আৰক্ষী মানে কি ? আৰক্ষীৰ প্ৰকৃত কৰ্ম কি ? কিন্তু বৰ্তমান আৰক্ষীয়ে কৰিছে কি ?

আৰক্ষীৰ প্ৰকৃত কাম হৈছে জনহিতাৰ্থে সেৱা আগবঢ়োৱা । অৰ্থাৎ জনগনৰ সুৰক্ষাৰ স্বাৰ্থত কৰ্ম কৰি যোৱা আৰু সমাজ বিৰোধী ,আইনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা আৰু অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সমাজখন সুস্থ-সৱল,দুৰ্নীতিমুক্ত,অপৰাধমুক্ত কৰি তোলা ।

কিন্তু গহপুৰ আৰক্ষী আৰু বিশ্বনাথ আৰক্ষীৰ কৰ্মকাণ্ডত সমগ্ৰ অসম আৰক্ষীকে লজ্জিত কৰি তুলিছে। বিগত বৰ্ষত ৰাইজৰ টকা লুন্ঠন চলোৱা কাজু শইকীয়া গেঙ গ্ৰেপ্তাৰ হৈ জেললৈ যোৱা ঘটনাৰ ৯মাহ পিছতো চাৰ্জশ্বিট নপঠিয়াই প্ৰৱঞ্চক গেঙক সুৰক্ষা প্ৰদান কৰিব বিচৰা বিষয়টো অতিকৈ সন্দেহজনক আৰু গৰিহণাৰ যোগ্য।দুখীয়া ৰাইজৰ চকুপানীৰ মূল্য নুবুজি প্ৰৱঞ্চকক সুৰক্ষা দিব বিচৰা গহপুৰ আৰক্ষী আৰু বিশ্বনাথ আৰক্ষীক এইবাৰ উভতি ধৰিছে উক্ত কেচটোত জেললৈ যাবলগীয়া হোৱা নগাঁৱৰ মমতা হাজৰিকাই ।

মমতা হাজৰিকা হৈছে ‘মানৱকল্যান নিধি লিমিটেড’ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ জ’নেল মেনেজাৰ । কাজু শইকীয়া, মধুস্মিতা বৰাহঁতে ‘মানৱকল্যান নিধি লিমিটেড’ ৰ নামতেই ৰাইজৰ পৰা প্ৰৱঞ্চনাৰে লাখ লাখ টকা লুন্ঠন চলাইছিল। বিত্তীয় প্ৰতিষ্ঠানটোৰ জ’নেল মেনেজাৰ মমতা হাজৰিকাৰ মতে কাজু শইকীয়া আৰু মধুস্মিতা বৰাক চিনিয়েই নাপায় তেওঁ।

কাজু শইকীয়া আৰু মধুস্মিতা বৰাই ৰাইজৰ পৰা প্ৰৱঞ্চনাৰে লুন্ঠন চলোৱা টকাৰ এটকাও মমতা হাজৰিকাই লাভ কৰা নাছিল বুলি জনাইছে। ৰাইজৰ ৰোষত পৰি কাজু শইকীয়া, মধুস্মিতা বৰা গেঙে মমতা হাজৰিকক ফচাই দিলে আৰু আৰক্ষীক মমতাই সকলো কোৱাৰ পাছতো আৰক্ষীয়ে কোনো তদন্ত নকৰাকৈ মমতা হাজৰিকাক জেললৈ পঠিয়ালে বুলি আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ভাষাৰে ক্ষোভ উজাৰিছে ।

ঘটনাটো ন মাহ হৈ যোৱাৰ পাছতো আজি পৰ্যন্ত চাৰ্জশ্বিট নপঠিওৱাত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিষয়টো আৰক্ষীৰ উৰ্ধতম বিষয়াক অভিযোগ দিয়াৰ কথা কৈছে লগতে ক’ৰ্টতো কেচ দিয়াৰ কথা কৈছে।

লগতে পঢ়ক : WATCH | Hajo News : ২নং হাজো জিলা পৰিষদৰ কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থী মুনি আৰা বেগমৰ হাজোৰ বিভিন্ন অঞ্চল পৰিদৰ্শন