Local, Vocal, Global

এগৰাকী ১৪ বছৰীয়া কিশোৰৰ সাহসিকতা। নদীৰ বুকুত সাঁতুৰি উদ্ধাৰ এটা আহত হৰিণ

গহপুৰৰ এগৰাকী ১৪ বছৰীয়া কিশোৰৰ সাহসিকতা। নদীৰ বুকুত সাঁতুৰি গহপুৰৰ কাকুমণি নামৰ কিশোৰজনে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল গুৰুতৰভাৱে আহত এটা হৰিণক। গহপুৰৰ তেলৰচুঙাবাৰীৰ ১৪ বছৰীয়া কিশোৰ কাকুমণি বৰুৱাই নদীৰ বুকুত প্ৰায় ২ কিলোমিটাৰ সাঁতুৰি উদ্ধাৰ কৰিলে আহত হৰিণটোক। কাকুমণি বৰুৱাই প্ৰথমতে নাৱেৰে নদীত যায় যদিও পিছত প্ৰায়  ২ কিলোমিটাৰ দূৰত্ব সাঁতুৰিহে পহুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰ পৰা হেলেম নদীত উটি আহিছিল পহুটো। গুৰুতৰভাৱে আহত পহুটোৰ মুখ আৰু পিছৰ অংশৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হোৱাত কিশোৰজনে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ হৰিণটো চিকিৎসাৰ বাবে লৈ যায়। কাকুমণি বৰুৱাই সাহসিকতাৰে পহুটোক উদ্ধাৰ কৰি জীৱন দান দিয়া কাৰ্যক প্ৰশংসা কৰিছে বিভিন্নজনে।