Local, Vocal, Global

ধিক মানৱতা! GMCHত হৃদয় বিদাৰক ঘটনা

কাল কৰ’নাৰ ভয়াৱহতাৰ মাজতে GMCHত হৃদয় বিদাৰক ঘটনা। ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা এজন ব্যক্তিৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ চিকিত্সালয় কৰ্তৃপক্ষ বিচাৰিব ফুৰিব লগা হ’ল আত্মীয়ক। ক’ভিড আক্ৰান্ত হোৱা বুলি উমান পায় পলায়ন কৰে মৃত ৰোগীজনৰ আত্মীয়।

উল্লেখ্য যে সংকটজনক অৱস্থাত লোকজন অনা হৈছিল চিকিত্সালয়লৈ। লক্ষ্যণীয় বিষয় এয়ে যে পৰিয়ালৰ লোকেই লোকজনক ভৰ্তি কৰিছিল GMCHত। আৰু ক’ভিড আক্ৰান্ত বুলি উমান পায় পলায়ন কৰে পৰিয়ালৰ লোকে। উপায়বিহীন GMCH মৰণোত্তৰ পৰীক্ষাত নিয়োজিত লোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে বিচাৰি ফুৰিব লগা হয় পৰিয়ালৰ লোকক। মৃত্যু হোৱা লোকজনৰ নাম প্ৰভাত কলিতা।