Local, Vocal, Global

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অব্যাহতি ৫০ গৰাকীৰো অধিক অধ্যাপকক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অব্যাহতি ৫০ গৰাকীৰো অধিক অধ্যাপকক

গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা অব্যাহতি দিয়া হ’ল ঠিকাভিত্তিক অধ্যাপকক। এতিয়াৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি প্ৰদান কৰা নহ’ব ঠিকাভিত্তিক অধ্যাপকৰ । পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে গুৱাহাটী বিশ্ব বিদ্যালয় ।

গুৱাহাটী বিশ্ব বিদ্যালয়ত অধ্যাপক-অধ্যাপিকাৰ নাটনিৰ মাজতেই ঠিকাভিত্তিক অধ্যাপকক দিয়া হ’ল কৰ্মৰ পৰা অব্যাহতি। জানিব পৰা অনুসৰি ৰাজ্যপালৰ সৈতে বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যৰ অনুষ্ঠিত হৈছিল এক বৈঠক। এই বৈঠকৰ পাছতেই গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। কেৱল এয়াই নহয় কৰ্মত নিযুক্তিৰ ম্যাদ থকা ঠিকাভিত্তিক অধ্যাপকসকলকো দিয়া হ’ল অব্যাহতি।

বিগত ৩০ জুনত এক জাননীৰ জৰিয়তে বিশ্ববিদ্যালয়খনত ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা বন্ধ কৰা হৈছে বুলি প্ৰকাশ কৰিলে বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই। ৫০ গৰাকীৰো অধিক ঠিকাভিত্তিক অধ্যাপকক অব্যাহতি প্ৰদান কৰিলে বিশ্ববিদ্যালয়খনে ।