Gas Cylinder Explosion In Dergaon: ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ ;আহত দুজন

দেৰগাঁও,১৮জানুৱাৰী : দেৰগাঁৱৰ দিচৈ চাৰিআলিত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত এগৰাকী মহিলাসহ এজন যুৱক ।
গুৰুতৰভাৱে আহত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ(Gas Cylinder Explosion In Dergaon)।
আহত লোক দুজন ভন্তী কলিতা আৰু প্ৰিয়ম কলিতা । সম্পৰ্কত দুয়ো আইতাক আৰু নাতিনীয়েক বুলি জানিব পৰা গৈছে।
নতুন চিলিণ্ডাৰ সংযোগ কৰিব খোজোতেই এই ঘটনা সংঘটিত হ’ল বুলি জানিব পৰা গৈছে ।
স্থানীয় ৰাইজে অগ্নি নিৰ্বাপন কৰি থাকোতেই সেই স্থানত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।