Local, Vocal, Global

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে পশ্চিম বংগলৈ যোৱা আৰক্ষীৰ দলক বাংলা পক্ষৰ ঘেৰাও

পশ্চিমবংগত অসম সন্দৰ্ভত পুনৰ  বিতৰ্কিত মন্তব্য ।  চ্যুকাফা মৈদামক চাইনীজ মৈদাম আখ্যা । পশ্চিমবংগত চ্যুকাফা ,অসমীয়া আৰু অসমৰ মুখ্যমন্ত্ৰীক চৰম অপমান। অসম ভৱনত আৱদ্ধ অসম পুলিচৰ দল। অসম ভৱন ঘেৰাও  কৰিলে বাংলা পক্ষই। গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম পুলিচে। বিতৰ্কিত মন্তব্য কৰা গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে পশ্চিম বংগলৈ গৈছিল অসম আৰক্ষীৰ এটা দল । কলকাতাৰ অসম ভৱনত আৰক্ষীৰ দলটো উপস্থিত  হোৱাৰ পাছতেই একাংশ লোকে ঘেৰাও  কৰি অসম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ।