Local, Vocal, Global

আৰ্থিক প্ৰতাৰণাৰ গোচৰত কেন্দ্ৰীয় মন্ত্ৰীলৈ ন্যায়ালয়ৰ জাননী

বহু কোটি টকাৰ সঞ্জীৱনী ক্ৰেডিট কো-অপাৰেটিভ ছ’চাইটীৰ দুৰ্নীতিৰ গোচৰত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাটলৈ জাননী জাৰি কৰিছে ৰাজস্থান উচ্চ ন্যায়ালয়ে। এই দুৰ্নীতিৰ অভিযোগত মন্ত্ৰী পত্নী নৌনন্দ কৌৰকো জাননী জাৰি কৰিছে ন্যায়ালয়ে। কো-অপাৰেটিভ ছ’চাইটীখনৰ বিৰুদ্ধে ৯০০ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ তুলি ৰাজস্থান উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল সঞ্জীৱনী পীড়িত সংঘই। গোচৰীয় পক্ষৰ হৈ অভিযোগ তোলা হৈছে যে সঞ্জীৱনী ক্ৰেডিট কো-অপাৰেটিভ ছ’চাইটীত বহুলোকে জমা থোৱা ধন সংস্থাটোৱে ঘূৰাই দি দিলে। ছ’চাইটীখনৰ অধ্যক্ষ বিক্ৰম সিংহ আৰু মন্ত্ৰী শেখাৱাটসহ কেইবাজনেও মিলি জমাকৰ্তাসকলক প্ৰতাৰণা কৰিলে। ভুৱা কাগজ পত্ৰ দেখুৱাই প্ৰকৃত তথ্য গোপন কৰাৰো অভিযোগ তুলিছে আৱেদনকাৰীয়ে। জয়পুৰৰ পৰা নিৰ্বাচনত জয়ী হোৱালৈকে ছ’চাইটীৰ অন্যতম অংশীদাৰ আছিল গজেন্দ্ৰ সিং শেখাৱাট। সঞ্জীৱনী পীড়িত সংঘৰ অভিযোগ ছ’চাইটীত জমা হোৱা বৃহৎ পৰিমাণৰ ধনৰাশিৰ এটা অংশ মন্ত্ৰী আৰু মন্ত্ৰী পত্নীৰ সংস্থাক গতাই দিয়া হ’ল। এই অভিযোগৰ ভিত্তিতে মন্ত্ৰী শেখাৱাট আৰু তেওঁৰ পত্নীলৈ ন্যায়ালয়ৰ জাননী। তদুপৰি চিবিআই, ইডি, এছএফআইঅ’ৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহকো এই দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিছে আদালতে।