Local, Vocal, Global

অৰুণাচল প্ৰদেশত চাৰিজন ENNG কেডাৰ আটক

দেওবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত নিৰাপত্তাৰক্ষীয়ে পূব নাগা ৰাষ্ট্ৰীয় চৰকাৰৰ (Eastern Naga National Government) চাৰিজন কেডাৰক আটক কৰে।

অসম আৰু অৰুণাচলৰ টিৰাপ আৰু লংডিং জিলাত বিদ্ৰোহ নিয়ন্ত্ৰণ ৰখাৰ প্ৰচেষ্টাত  সেনাই দেওবাৰে পুনৰ এক ধন দাবী বিফল কৰে। জিলাখনত ধন দাবী বন্ধ কৰাৰ দিশত এক পদক্ষেপ হিচাপে, লেখাপানী বেটেলিয়নে চাংলাং জিলাৰমিয়াও চক্ৰৰ নামফাই-২ অঞ্চলৰ আন ৩ জন কেডাৰৰ সৈতে ENNGৰ ৰাজহ সচিবক আটক কৰে।

ENNG কেডাৰসকলক ৱাংজেন পাংথা, হুনচেংলা চেমাই, মোপাই আৰু নিয়ালু পাংচাবুলি চিনাক্ত কৰা হৈছে।