Local, Vocal, Global

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান…

ডিজিটেল ডেস্কঃ-:- পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ মৃত্যু।দেওবাৰে ৭৯ বছৰ বয়সত ডুবাইত শেষ নিশ্বাস ত্যাগ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে।দীৰ্ঘদিনে অসুস্থ হৈ আছিল ৰাষ্ট্ৰপতি গৰাকী।২০১৬ চনত মাৰ্চ মাহৰ পৰা ডুবাইত মুশ্বাৰফে এমাইল’ইড’ছিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

নেতাগৰাকীৰ মৃত্য়ু সম্পৰ্কে পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি ,পাৰভেজ মুশ্বাৰফে বিগত কিছু দিন ধৰি এমাইল’ইড’ছিছ নামৰ এক দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ আছিল।তাৰেপৰি শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসাধীন কৰাবলগীয়া হৈছিল।
১০ জুনত তেওঁৰ পৰিয়ালে টুইটাৰযোগে এক বিবৃতি প্ৰকাশ কৰে যে প্ৰাক্তন সেনাধ্যক্ষ গৰাকী এনে এটা পৰ্যায়ত আছে য’ত ”আৰোগ্য় হোৱাটো সম্ভৱ নহয় আৰু অংগসমূহ বিকল হৈছে”।যোৱা ৩ সপ্তাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছে তেখেতৰ ৰোগৰ জটিলতাৰ বাবে ।লগতে উল্লেখ কৰে যে তেওঁ এনে এটা কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে য’ত সুস্থ হোৱা সম্ভৱ নহয়।


ডুবাইৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা মুশ্বাৰফৰ ইয়াৰ পূৰ্বে ৰাৱালপিণ্ডিৰ আৰ্মড ফৰ্চেছ ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজিলৈ স্থানান্তৰ কৰা হৈছিল।
এক বৰ্ণিল ৰাজনৈতিক জীৱনৰ গৰাকী আছিল ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফ।১৯৯৯ চনত সেনাৰ অভ্যুথানৰ জৰিয়তে দেশখনৰ ৰাষ্ট্ৰপতিৰ গাদীত বহিছিল পাৰভেজ মুশ্বাৰফ।