Local, Vocal, Global

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’

আজি ৮ নৱেম্বৰ সোমবাৰে পুৱাৰে পৰা ৰাষ্ট্ৰপতি ভৱনত দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান প্ৰদান কৰি থকা হৈছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশৰ বিশেষ বিশেষ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ১১৯ গৰাকী লোকক প্ৰদান কৰে এই সন্মান।

ইয়াৰ ভিতৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান আগবঢ়াই। ইয়াৰ লগতে অসমৰ ইমৰান শ্বাহ, দুলাল মাংকি , ৰমেন শৰ্মা, বীৰুৱালা ৰাভা, মংগল সিং হাজোৱাৰী, গোপীৰাম বৰগায়ন বুঢ়াভক্ত, বিজয়া চক্ৰৱতী আৰু লখিমী বৰুৱালৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়।

অনুষ্ঠানত কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই বিশেষ অৱদান আগবঢ়োৱা লোককেই এই বঁটা আগবঢ়োৱা হোৱা নাই, ক্ৰীড়া জগত, সংগীত জগত, চিনেমা জগত, সাহিত্যৰ জগত আদিতো বিশেষ অৱদান আগবঢ়োৱা লোকক দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

এই অনুষ্ঠানত ৭গৰাকীলৈ পদ্মবিভূষণ, ১০গৰাকীলৈ পদ্মভূষণ আৰু ১০২গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।