লখিমপুৰত খাদ্যত বিষক্ৰিয়া
নিউজ ডেস্ক, ২৬ আগষ্ট : বৃহস্পতিবাৰে অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত নয়নপুৰ (Nayanpur) অঞ্চলৰ পানবাৰী গাঁৱত ‘প্ৰসাদ’ খোৱাৰ পিছত প্ৰায় ৬০ জন লোক অসুস্থ হৈ পৰিছিল।
খবৰ অনুসৰি, ‘ভাদ’ মাহ উদযাপনৰ অংশ হিচাপে বিতৰণ কৰা ‘প্ৰসাদ’ গ্ৰহণ কৰাৰ পিছত লোকসকলে বমি, পেটৰ বিষ, মুৰৰ বিষ আৰু ডায়েৰিয়াত ভুগিছিল।
সন্দেহ অনুসৰি ইয়াৰ কাৰণ হৈছে যে ইয়াৰ খাদ্যত বিষক্ৰিয়া (food poisoining)।
ঘটনাটোৰ পিছত, তেওঁলোক সকলোকে চিকিৎসাৰ বাবে ওচৰৰ মহাত্মা গান্ধী মডেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
জানিব পৰা অনুসৰি তেওঁলোকৰ কেইজনমানক চিকিৎসালয়ৰ পৰা অব্যাহতি দি ঘৰত চিকিৎসা কৰিবলৈ পৰামৰ্শ দিছে।