আগে আগে ড্ৰাগছ বেপাৰী, পিছে পিছে দৌৰিছে ৰাইজ
নিউজ ডেস্ক,১৩ অক্টোবৰ : তেল নহয় তেলৰ টেংকাৰত ওলাইছে চুপাৰি৷ তেলৰ টেংকাৰৰ পৰা ১৭০ বস্তা চুপাৰি উদ্ধাৰ হৈছে কাছাৰত৷ বৰাকত আজিও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা। প্ৰভাৱশালী ৰাজনীতিকৰ ছত্ৰছায়াত কোটি কোটি টকাৰ বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় চলা থকাৰ অভিযোগৰ মাজতে কাছাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চোৰাং চুপাৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷
ম্যানমাৰৰ পৰা অহা তেলৰ টেংকাৰৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৪ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আজি পুৱাই অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ পৰা তেলৰ টেংকাৰ জব্দ কৰিছিল কাছাৰ আৰক্ষীয়ে। টেংকাৰখনৰ দুখনৰ পৰা দুজন চালক আৰু দুজন সহযোগিসহ মুঠ ৪ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
ম্যানমাৰত অবৈধ তেলৰ টেংকাৰ কাছাৰৰ ধোৱাৰবন্দ অঞ্চলত প্ৰবেশ কৰিছিল। মিজোৰামৰ পৰা হাইলাকান্দি বিলাইপুৰ ৰোডহৈ আহিছিল টেংকাৰখন৷ ৩০ কুইণ্টল চুপাৰি লৈ টেংকাৰখন ম্যানমাৰৰ পৰা মিজোৰাম আৰু তাৰ পাছত শিলচৰত প্ৰবেশ কৰিছিল৷