বিহপুৰীয়াত শহুৰ আৰু জোৱাঁইৰ ড্ৰাগছৰ বেহা
নিউজ ডেস্ক, ১৫ জুন : চলিত হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনৰ লগতে আৰক্ষী প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। তাৰ সমান্তৰালভাৱে ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় দিছে একাংশ লোকে ৷
বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও ৰোধ কৰিব পৰা নাই ড্ৰাগছৰ বেহা ৷
বুধবাৰে লখিমপুৰৰ বঙালমৰা ইছলামপুৰত ৰাইজে খেদি খেদি কৰায়ত্ত কৰে দুটা ড্ৰাগছ সৰবৰাহকাৰীক। ৰাইজে লপা থপা দি বিহপুৰীয়া আৰক্ষীক চমজাই দিয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক। ইছলামপুৰ বেছাপট্টীৰ আতিকুল ইছলাম আৰু আৰ্জত আলি বুলি চিনাক্ত কৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা সম্পৰ্কত শহুৰ আৰু জোৱাঁই।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ বাসগৃহত অভিযান চলাই ১৩.৩২ গ্ৰাম সন্দেহযুক্ত Heroine জব্দ কৰে ৷