খ্যাতনামা চিত্ৰশিল্পী, আজন্ম প্ৰেমিক নীলপৱন বৰুৱাৰ ওপজা দিন
নিউজ ডেস্ক, ১ জুন: আজি অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী,আজন্ম প্ৰেমিক নীলপৱন বৰুৱাৰ ওপজা দিন। ১৯৩৬ চনৰ ১ জুন তাৰিখে যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ তামুলীছিঙা গাঁৱতত জন্ম লাভ কৰিছিল মহান শিল্পীজনে। তেওঁৰ পিতৃ আছিল ‘ধ্বনি কবি’ ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ আছিল লাৱণ্যপ্ৰভা বৰুৱা।
কোকিল কণ্ঠী গায়িকা দীপালী বৰঠাকুৰবিহীন তেওঁৰ চতুৰ্থটো ওপজা দিন বসুন্ধৰা কলা নিকেতনত উলহ মালহেৰে উদযাপন কৰা হয় । বেলতলা সৌৰভ নগৰতস্থিত নিজ বাসগৃহত কেক কাটি উদযাপন কৰাৰ লগত কবিতাও পাঠ কৰিলে শিল্পীজনে।
চিত্ৰ শিল্পী জনে এতিয়া স্মৃতি শক্তি হেৰুওৱা ৰোগত ভুগিছে। আৰু শেহতীয়াকৈ নীলপৱন বৰুৱা প্ৰচণ্ড মূৰৰ বিষত ভুগি থকা বুলি জানিবলৈ দিয়ে।
লগতে ২০২২ বৰ্ষটো শিল্পীজনৰ বাবে সৰ্বোত্তম বছৰ হিচাপে চিহ্নিত হৈছে। ২০২২ বৰ্ষতে তেওঁ লাভ কৰিছে অসমৰ দ্বিতীয় সৰ্বোচ সন্মান অসম সৌৰভ।
দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ নামত তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা হৈছে মিউজিয়াম, স্থাপন কৰা হৈছে বিশেষ স্মাৰকভৱন।