Local, Vocal, Global

প্ৰাকৃতিক দুৰ্যোগত সৰ্বস্বান্ত বুধেশ্বৰ বৰাৰ পৰিয়াল

নিউজ ডেস্ক, ৯ জুন : বুধবাৰে নিশা শিৱসাগৰৰ (Sivasagar) ঐতিহাসিক জেৰেঙা পথাৰত(Jerenga pathar) বজ্ৰপাত পৰি ৪ টাকৈ ম’হৰ কৰুণ মৃত্যু। প্ৰাকৃতিক দুৰ্যোগে সৰ্বস্বান্ত কৰিলে কৃষক বুধেশ্বৰ বৰাক।

কালি সন্ধিয়া হোৱা ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত জেৰেঙা পথাৰৰ বুদ্ধেশ্বৰ বৰাৰনামৰ কৃষকজনৰ ম’হ চাৰিটাৰ মৃত্যু হয়। ম’হকোইটাৰ মৃত্যুত কৃষকগৰাকীৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিছে।

উল্লেখযোগ্য যে, কৃষক বুদ্ধেশ্বৰ বৰাই এই ম’হৰ জৰিয়তে জীৱিকা অৰ্জন কৰিছিল। শালি খেতিৰ পূৰ্বে কৃষিৰ মূল আহিলা ম’হ চাৰিটাৰ মৃত্যুত মূৰে-কপালে হাত দিছে দূৰ্ভগীয়া কৃষকজনৰ পৰিয়ালে।