Local, Vocal, Global

জুলাই মাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা অনুষ্ঠিত হ’ব

জুলাই মাহত যদি ক’ভিড সংক্রমণৰ হাৰ ২ শতাংশৰ তললৈ নামে, তেনেহ’লে উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা অনুষ্ঠিত হ’ব  ৷ অৱশ্যে সময় আৰু পৰিস্থিতি সাপেক্ষেহে এই বিষয়ত শেষ সিদ্ধান্ত লোৱা হ’ব ৷ এই মন্তব্য অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁইবৰুৱাৰ ৷ শুকুৰবাৰে পৰীক্ষা সন্দর্ভত আছু আৰু এবছুৰে এক আলোচনাত মিলিত হোৱাৰ পাছত সংসদৰ অধ্যক্ষগৰাকীয়ে কয় যে জুলাই মাহত পৰিস্থিতি স্বাভাৱিক হ’ব বুলি সংসদ আশাবাদী ৷ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ সদায় পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছে ৷ সংক্রমণৰ হাৰ ২ শতাংশৰ তললৈ নামিলে ১৫ জুলাইৰ পৰা পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব ৷

তেওঁ লগতে সদৰী কৰে যে সংকুচিত বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আটাইকেইটা পক্ষই মত পোষণ কৰিছে ৷ বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাৰ পৰীক্ষা পদ্ধতি সন্দর্ভত সংসদ, আছু আৰু এবছু সহমতত উপনীত হৈছে ৷ কলা শাখাৰ পৰীক্ষাক লৈ কিছু দ্বিমত আছে ৷ এই বিষয়ত চৰকাৰৰ লগত আলোচনামর্মে সিদ্ধান্ত লোৱা হ’ব৷ তদুপৰি কিমান নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ’ব, সেই সন্দর্ভত চৰকাৰলৈ সংসদৰ তৰফৰ পৰা এক প্রস্তাৱ প্রেৰণ কৰা হৈছে৷ কিন্তু চৰকাৰে এতিয়াও অনুমোদন জনোৱা নাই ৷ গতিকে পৰীক্ষাৰ নম্বৰ সন্দর্ভত সদ্যহতে একো মন্তব্য দিয়াৰ পৰা বিৰত থাকে সংসদৰ অধ্যক্ষগৰাকী ৷
উল্লেখ্য যে এই আলোচনাত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ববীয়াৰ লগতে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, এবছুৰ সভাপতি দ্বীপেন বড়োৰ লগতে সংগঠন দুটাৰ নেতৃত্ব উপস্থিত থাকে ৷
ইফালে, ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে কয়– ‘বিদ্যায়তনিক জীৱনৰ মূল দুটা পৰীক্ষাক লৈ চৰকাৰে ছাত্র–ছাত্রীৰ মাজত বিভ্রান্তি সৃষ্টি কৰিছে ৷ শিক্ষামন্ত্রীৰ ভাষ্য আৰু মুখ্যমন্ত্রীৰ ভাষ্য সম্পূর্ণ বিপৰীত হোৱা বাবে ছাত্র–ছাত্রীসকল বিপাঙত পৰা পৰিলক্ষিত হৈছে৷’ এইক্ষেত্রত ছাত্র সন্থাই তিনিটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷ প্রথমতে ছাত্র–ছাত্রীসকলৰ স্বাস্থ্যজনিত কথাৰ লগত কোনোধৰণ আপোচ নকৰি সকলোধৰণৰ ক’ভিড সম্বন্ধীয় ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ দ্বিতীয়তে, ছাত্র–ছাত্রীসকলৰ শৈক্ষিক বর্ষ কোনো কাৰণতে নষ্ট হ’ব নোৱাৰিব ৷

চি বি এছ ইৰ ছাত্র–ছাত্রী আৰু অন্য ৰাজ্যৰ ছাত্র–ছাত্রীসকলৰ দৰে আমাৰ ছাত্র–ছাত্রীসকলেও ন্যায় পাব লাগিব৷ তৃতীয়তে যিহেতু পৰীক্ষা অনুষ্ঠিত হ’ব বুলি কোৱা হৈছে, এনে পৰিপ্রেক্ষিতত কি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ’ব, তাৰ নীতি দুই–এদিনৰ ভিতৰত ঘোষণা কৰিবলৈ আহ্বান জনোৱা হয় ৷