WATCH | Erosion in Boko : নৈৰ প্ৰবল সোঁতে এফালৰ পৰা খহাইছে গৰা

বকো,১০জুন : প্ৰথমে ভালদৰে চাই লওক এই দৃশ্য। কেনেদৰে নৈৰ প্ৰবল সোঁতে এফালৰ পৰা খহাইছে গৰা। ফলত যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়ানক বিপদ। নৈৰ বুকুত জাহ গৈছে চপৰা চপৰে গৰা। কাৰণ পানীয়ে ক্ৰমান্বয়ে খহাই লৈ গৈছে নদীৰ গৰা। এইটো বকোৰ বড়গাওঁ বাকাৰাপাৰাৰ- বড়গাওঁ ভালাপাৰা হৈ শিংৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথ।
বিগত ২০১৪ চনৰ বিধ্বংসী বানপানীয়ে পথটো খণ্ড বিখণ্ড কৰি পথ যোগাযোগ বিচ্ছিন্ন কৰি পেলায়। তাৰ পিছতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ তৎপৰতাত সমগ্ৰ বিষয়টোৰ সম্পৰ্কে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আৱেদন নিৱেদন কৰিও আজিলৈ নাপালে কোনো ধৰণৰ ফলপ্ৰসূ সঁহাৰি। স্থানীয় বিধায়িকাৰ ভূমিকাক লৈও ক্ষোভ উজাৰিলে ৰাইজে( Erosion in Boko)।
অন্যহাতে মৰণত শৰণ দি এই পথ ছোৱাৰে নিতৌ অহা যোৱা কৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, শিক্ষক,কৃষকৰ লগতে অন্যান্য লোকো আৰু নিৰ্বাচনৰ সময়ত ভোটদানৰ বাবে যাব লাগে এই পথ ছোৱাৰেই। এতিয়া অৱশিষ্ট অংশখিনিও খহাই নিলে বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব বিস্তীৰ্ণ কৃষিভূমি, চহা কৃষক।
ইফালে কম দিনৰ ভিতৰতে উপযুক্ত ব্যৱস্থা নল’লে ক্ষতিসাধন হ’ব, এনে আশংকাত দিন কটাইছে ৰাইজে।
লগতে পঢ়ক :WATCH | Moran News : মৰাণৰ হাজোৱা চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ