মনোৰঞ্জন ব্ৰহ্মক ইউপিপিএলৰ পৰা বহিষ্কাৰ
নিউজ ডেস্ক, ২ জুন : মনোৰঞ্জন ব্ৰহ্মক ইউপিপিএলে তেওঁৰ দল বিৰোধী, বিটিআৰ বিৰোধী আৰু দৰিদ্ৰবিৰোধী কাৰ্যকলাপৰ বাবে ইউপিপিএলৰ সকলো দলীয় দপ্তৰ আৰু প্ৰাথমিক সদস্যপদৰ পৰা তাৎক্ষণিক ভাৱে বহিষ্কাৰ কৰিছে।
বুধবাৰে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল)য়ে দলীয় নেতা মনোৰঞ্জন ব্ৰহ্মক দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ কৰে।
ব্ৰহ্মই ইউপিপিএলৰ পৰা যোৱা বিধানসভা নিৰ্বাচনত কোকৰাঝাৰ পশ্চিম এলএচিৰ বিধায়ক প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল।
ইউপিপিএলৰ সংবিধানৰ ষোড়শ অনুচ্ছেদ, ধাৰা ৬ অনুসৰি ইউপিপিএল নেতৃত্বৰ দ্বাৰা পুংখানুপুংখ বিবেচনাৰ পিছত বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰা হৈছে ব্ৰহ্মৰ বিৰুদ্ধে ।
ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কে আৰ ব্ৰহ্মাই জাৰি কৰা এখন প্ৰেছ নোটত কোৱা হৈছে যে ব্ৰহ্মাই কেতিয়াও দলৰ পদত অধিষ্ঠিত হ’ব নোৱাৰে আৰু কোনো মঞ্চত দলটোক প্ৰতিনিধিত্ব কৰিব নোৱাৰে।