পুনৰ ধৰ্ষণকাৰীক এনকাউন্টাৰ আৰক্ষীৰ
নিউজ ডেস্ক, ২৯ মে’- আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে ইকবাল হুছেইন।
ডিফুত জঘন্য বলাৎকাৰৰ ঘটনা সংঘটিত কৰা ইকবাল হুছেইনক আৰক্ষীৰ গুলী। এগৰাকী কণমানি স্কুলীয়া ছাত্ৰীক বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত পাষণ্ডটোৱে জংঘলৰ মাজলৈ টানি নি ধৰ্ষণ কৰিছিল (Minor raped case accused escape from DMCH)
ডিফু-মাঞ্জা পথৰ সাতমাইল এলেকাত সংঘটিত হৈছিল এই বৰ্বৰ ঘটনাটো।
পিছত স্থানীয় ৰাইজে ধৰ্ষণকাৰীটোক চিনাক্ত কৰি লপা থপা দি আৰক্ষীক গতাই দিছিল।
ইকবাল আৰক্ষী জিম্মাত গুৰুতৰভাৱে অসুস্থ হোৱাত তেওঁক ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু শনিবাৰে নিশা প্ৰায় ১১ বজাত প্ৰস্ৰাৱ কৰাৰ ছলেৰে অভিযুক্ত ইকবাল হুছেইনে শৌচাগাৰলৈ গৈছিল আৰু শৌচাগাৰৰ ভেণ্টিলেটৰেৰে পলায়ন কৰিছিল ৷
কিছু সময়ৰ পূৰ্বে আৰক্ষীয়ে ইকবালৰ সন্ধান লাভ কৰি গ্ৰেপ্তাৰৰ বাবে গৈছিল কিন্তু আৰক্ষীক দেখি ইকবালে পলায়নৰ চেষ্টা কৰিছিল।
অৱশেষত আৰক্ষীয়ে গুলীচালনা কৰে ইকবালক আৰু আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে ইকবাল হুছেইন।