Elephant menace in Sonitpur:শোণিতপুৰৰ বৰছলাত বনৰীয়া হাতীৰ তাণ্ডৱ
নিউজ ডেস্ক,৫ডিচেম্বৰ : শোণিতপুৰৰ বৰছলাৰ তেলিয়াগাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। বিগত এসপ্তাহ ধৰি তেলিয়াগাঁৱত বনৰীয়া হাতীয়ে চলাই আছে উপদ্ৰৱ । বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে অঞ্চলটোৰ ৰাইজৰ ৷ অঞ্চলটোত এটা বনৰীয়া হাতীয়ে দিন দুপৰতে মুক্ত বিচৰণ কৰি ব্যাপক ক্ষতিসাধন অব্যাহত ৰাখিছে৷
জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ পাৰত তেলিগাঁৱত চাপৰিত বিভিন্ন কৃষিকাৰ্য এফালৰ পৰা তহিলং কৰিছে এই বনৰীয়া হাতীটোৱে৷ সোণোৱালী ধাননি পথাৰত এটি বনৰীয়া হাতীয়ে দিন দুপৰতে মুক্ত বিচৰণ কৰি ধান আদি ক্ষতিসাধন কৰাত আতংকিত হৈ পৰিছে কৃষক ৰাইজ(Elephant menace in Sonitpur)৷
এই সন্দৰ্ভত বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পিছত হাতীটোক খেদি পঠোৱাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে৷ হাতীটোক খেদি পঠোৱাৰ বাবে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ৷
লগতে পঢ়ক :Jorhat News:নাবালিকাক অসৎ কৰ্ম কৰি আৰক্ষী জালত গৃহৰক্ষী জোৱান