Local, Vocal, Global

ৰাজ্যত বন্যহস্তীৰ তাণ্ডৱ, বন্যহস্তীৰ গচকত প্ৰাণ গ’ল এগৰাকী লোকৰ

কামপুৰৰ ৰজাগাঁও ক’লনিত শোকাৱহ ঘটনা। বনৰীয়া হাতীৰ গচকত  প্ৰাণ গ’ল এগৰাকী লোকৰ । আহত হয় একেটা পৰিয়ালৰে   ২গৰাকী । নিহত যুৱক জনৰ নাম চন্দন বিশ্বাস। আহত হৈছে চন্দন বিশ্বাসৰ পিতৃ মাতৃ বাবলু বিশ্বাস আৰু পান্না বিশ্বাস।গুৰুতৰভাৱে আহত পান্না বিশ্বাসক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ  কৰা হয় নগাৱঁলৈ। বিগত বহু দিন ধৰি কাজিৰঙাৰ পৰা অহা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে অঞ্চলটোত। ঘটনাস্থলীত উপস্থিত হৈছে  বনবিভাগৰ লোক আৰু মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।